Bhumi AMla juice
###ভূঁই আমলা বা ভূমি আমলখি ###
ভূমি আমলখিৰ পাতবোৰ দেখাত আমলখিৰ পাতৰ দৰে সৰু সৰু আৰু প্ৰায় এক ফুট ওখ হয় গছডাল । পাতৰ তলত সৰু সৰু গুটি হয় । জেকা ঠাইত ই বেছিকৈ হয় যদিও সকলো ঠাইতে কম বেছি পৰিমানে পোৱা যায় ।
ইয়াৰ মুখ্য গুণ লিভাৰৰ সমস্যা ঠিক কৰা । লিভাৰৰ সমস্যা মানে লিভাৰৰ প্ৰায়বোৰ গম্ভীৰ সমস্যা ই ঠিক কৰিব পাৰে ।
লিভাৰ চিৰ’চিছ , লিভাৰ নষ্ট হৈ পেটত পানী জমা হোৱা , মুখত সঘনাই ঘা হৈ থকা , মুখৰ পৰা ওলোৱা দুৰ্গন্ধ , খাবলৈ মন নোযোৱা , মদ-ভাং খাই লিভাৰ দুৰ্বল হোৱা আদি প্ৰায়বোৰ লিভাৰৰ ৰোগত ই ৰামবানৰ কাম কৰে ।
ভূমি আমলখি লিভাৰৰ ৰোগৰ বাবে শিপাৰে সৈতে এডাল উভালি আনি ভালকৈ ধুই লৈ পতাত পিছি ৰস উলিয়াই দুই-তিনি চামুচকৈ দিনত দুবাৰ খাব পাৰে । 45 দিন নিয়মিত খাওঁক ।
লিভাৰৰ গম্ভীৰ সমস্যাৰ বাবে ভূমি আমলখিৰ লগত পূৰ্ণনভা শাকৰ ৰস মিহলাই খালে বেছি ভাল উপকাৰ পোৱা যায় ।
Ulcerative colitis ৰোগীয়ে ভূমি আমলখিৰ ৰস দুই চামুচ আৰু দুৱৰী বনৰ ৰস 2 চামুচ মিহলাই ৰাতিপুৱা খালি পেটত খালে বহুত সোনকালে নিৰাময় পায় ।
মদ ভাং , খুব বেছি মাছ মাংস আদি খোৱা মানুহে বছৰত ২ মাহ ভূমি আমলখিৰ ৰস আৰু পূৰ্ণনভা শাকৰ ৰস খালে সোনকালে লিভাৰ নষ্ট নহয় ।
ভুমি আমলখি ৰস লিভাৰ চিৰোচিছ হোৱা ৰোগীৰ বাবে ৰামবাণ ঔষধ হয় । নিয়মিত ৬ মাহ খালে Liver Cirrhosis হোৱা ৰোগীৰ Liver আকৌ Reverse হব পাৰে ।
ভুমি আমলা আৰু পুৰ্ননভা ৰস আমাৰ সকলো দোকানতে পোৱাৰ উপৰিও তলৰ লিংকত গৈ Online Order কৰিব পাৰিব ।






Reviews
There are no reviews yet.