
###ভূঁই আমলা বা ভূমি আমলখি ###
ভূমি আমলখিৰ পাতবোৰ দেখাত আমলখিৰ পাতৰ দৰে সৰু সৰু আৰু প্ৰায় এক ফুট ওখ হয় গছডাল । পাতৰ তলত সৰু সৰু গুটি হয় । জেকা ঠাইত ই বেছিকৈ হয় যদিও সকলো ঠাইতে কম বেছি পৰিমানে পোৱা যায় ।
ইয়াৰ মুখ্য গুণ লিভাৰৰ সমস্যা ঠিক কৰা । লিভাৰৰ সমস্যা মানে লিভাৰৰ প্ৰায়বোৰ গম্ভীৰ সমস্যা ই ঠিক কৰিব পাৰে ।
লিভাৰ চিৰ’চিছ , লিভাৰ নষ্ট হৈ পেটত পানী জমা হোৱা , মুখত সঘনাই ঘা হৈ থকা , মুখৰ পৰা ওলোৱা দুৰ্গন্ধ , খাবলৈ মন নোযোৱা , মদ-ভাং খাই লিভাৰ দুৰ্বল হোৱা আদি প্ৰায়বোৰ লিভাৰৰ ৰোগত ই ৰামবানৰ কাম কৰে ।
ভূমি আমলখি লিভাৰৰ ৰোগৰ বাবে শিপাৰে সৈতে এডাল উভালি আনি ভালকৈ ধুই লৈ পতাত পিছি ৰস উলিয়াই দুই-তিনি চামুচকৈ দিনত দুবাৰ খাব পাৰে । 45 দিন নিয়মিত খাওঁক ।
লিভাৰৰ গম্ভীৰ সমস্যাৰ বাবে ভূমি আমলখিৰ লগত পূৰ্ণনভা শাকৰ গুড়ি মিহলাই খালে বেছি ভাল উপকাৰ পোৱা যায় ।
Ulcerative colitis ৰোগীয়ে ভূমি আমলখিৰ ৰস দুই চামুচ আৰু দুৱৰী বনৰ ৰস 2 চামুচ মিহলাই ৰাতিপুৱা খালি পেটত খালে বহুত সোনকালে নিৰাময় পায় ।
মদ ভাং , খুব বেছি মাছ মাংস আদি খোৱা মানুহে বছৰত 1 মাহ ভূমি আমলখিৰ ৰস আৰু পূৰ্ণনভা শাকৰ গুড়ি খালে সোনকালে লিভাৰ নষ্ট নহয় ।
সকলোৱে পোৱাকৈ share কৰক
Purnanava

###পূৰ্ণনভা খাওঁক আৰু নতুন জীৱন পাওঁক ##
পূৰ্ণনভা শব্দৰ অৰ্থই হৈছে নতুন জীৱন দিয়া । ইয়াক পুনৰণভা বুলিও কোৱা হয় ।
এতিয়া পূৰ্ণনভাৰ ৰস আৰু পূৰ্ণনভা শাকৰ গুড়ি দুয়োটাই বজাৰত উপলব্ধ কৰা হৈছে ।
দুৰ্বল লিভাৰ , হজম শক্তি দুৰ্বল , fatty liver , কিডনী পাঠৰ , পেচাব জ্বলা পুৰা কৰা , পেচাবৰ দুৰ্গন্ধ , বাৰে বাৰে পেচাব লগা আদি ৰোগৰ বাবে পূৰ্ণনভা খুব উপকাৰী হয় ।
ই শৰীৰত জমা যোৱা অদৰকাৰী পানী , uria আদি শৰীৰৰ বাহিৰ কৰি দিয়ে । নিয়মিত পূৰ্ণনভা বছৰত কমেও দুমাহ খালে কিডনী ৰোগ হোৱাৰ বা কিডনী নষ্ট হোৱাৰ সম্ভাৱনা নাথাকে । মাদক দ্ৰব্য , অত্যাধিক মচলা যুক্ত খাদ্য খোৱা , মাছ -মাংস নিয়মিতভাৱে খোৱা মানুহে পূৰ্ণনভা খোৱাটো খুব আৱশ্যক । ৰসতকৈ ইয়াৰ গুড়ি বেছি উপকাৰী । যিসকলে গুড়ি খাব অসুবিধা পায় , তেওঁলোকেহে ৰসটো খাওঁক ।

EDIBLE OIL
এটা ৰাসায়নীক দ্ৰব্য পোৱা যায় বজাৰত । নামটো হল Hexane .
এই ৰাসায়নীক দ্ৰব্যটো দেখাত পানীৰ দৰে । ইয়াক সাধাৰণতে তেলৰ কোম্পানীবোৰে তেল উলিয়াবৰ বাবে ব্যৱহাৰ কৰে ।
এটা বাল্টিত যদি এই দ্ৰব্যটো ভৰাই তাত অলপ তেল উলিয়াব পৰা বস্তু যেনে বাদাম , তিল , সৰিয়হ আদি ডুবাই দিয়া হয় ; কিছুসময় পিছত আটাইখিনি তেল বাদাম বা সৰিয়হৰ পৰা ওলাই আহিব আৰু সেই বাদাম বা সৰিয়হৰ দানা একদম আগৰ দৰেই থাকিব । ইয়াৰ আকাৰ বা ৰং , বৰণ কোনো সালসলনি নহয় ।
তেল বনোৱা প্ৰায়বোৰ ডাঙৰ ডাঙৰ কোম্পানীয়ে এইটো ব্যৱহাৰ কৰে । এইটো ৰসায়ন একপ্ৰকাৰ বিহ বুলি কব পাৰি । যি আমাৰ শৰীৰত কেঞ্চাৰ ৰোগ দিব পাৰে । লিভাৰ , কিডনী , হাৰ্ট আদিতো ইয়াৰ বেয়া প্ৰভাৱ পৰি নষ্ট হোৱাৰ সম্ভাৱনা থাকে ।
সেই তেল refine তেলৰ নাম দি বজাৰত বিক্ৰী কৰে । তাৰ পিছত তেল উলিওৱা বাদাম , তিল , নাৰিকল , সৰিয়হ আদি শুকাই লৈ আকৌ বজাৰত বিক্ৰী কৰি দিয়ে কোম্পানীবোৰে ।
আমি বজাৰৰ পৰা সাধাৰণতে ঘৰত খাবলৈ কিনি অনা বাদাম , সৰিয়হ , তিল আদি বেছিভাগৰে তেল উলিয়াই লোৱা থাকে । এইবোৰত তেল উলিওৱাৰ পিছত ৰসায়ন দ্ৰব্যবিধ কিঞ্চিত পৰিমানে থাকি যায় । যিটো চিধাই আমাৰ পেটলৈ গুচি যায় । আমি ট্ৰেইনৰ ভিতৰত , বাছৰ ভিতৰৰ , থিয়েটাৰ চোৱাৰ সময়ত বা হলত চিনেমা চোৱাৰ সময়ত যিবোৰ বাদাম খাওঁক কিনি , তাৰ বেছিভাগেই তেনেকুৱা থাকে ।
আমি dry fruit ৰ নামত অনা Almond ৰ বেছিভাগ তেল উলিয়াই লোৱা থাকে । যিবোৰে হিতে বিপৰীতহে কৰে । এইবোৰ যদি ঘৰত আনি এটা শিলেৰে পিচি চায় , তেন্তে এইবোৰ একদম গুড়ি হৈ যাব । তেল নোহোৱা বাবে গুড়ি হৈ যায় । তেল থাকিলে গুড়ি হব নোৱাৰে ।
আপোনাৰ স্বাস্থ্য কোনো খাদ্য সুৰক্ষা বাহিনী আহি ৰক্ষা কৰিব নোৱাৰে , যদিহে আপুনি সজাগ নহয় ।
গতিকে ডাঙৰ ডাঙৰ বাবাজি , ডাঙৰ ডাঙৰ branded কোম্পানীয়ে বিক্ৰী কৰা তেল খোৱাৰ পৰা বিৰত থাকক আৰু সদায় ক্ষুদ্ৰ উদ্যোগৰ পৰা এইবোৰ লওঁক ।
ধন্যবাদ ।
Share কৰক আৰু নিজৰ লগতে সমাজখনকো সজাগ কৰক ।

বাগভট্ট ঋষিৰ মহান আয়ুৰ্বেদীক গ্ৰন্থ ‘অশতাংহৃদয়ম’ত সূত্ৰস্থানম নামৰ অধ্যায়ত প্ৰায় 7000 সূত্ৰ আছে । তাৰে ভিতৰত এটা খাদ্য খোৱাৰ সময়ত পানী খোৱাৰ বিষয়ে উল্লেখ কৰিছে তেওঁ ।
তেওঁ কৈছে যে খাদ্য খোৱাৰ আগতে পানী খোৱাজন অল্পআয়ুসৰ হয় , খাদ্য খাই খাই পানী খোৱাজন স্থূল শৰীৰৰ ৰোগী হয় । স্থূল মানে হল শকত । খাদ্য খাই উঠি লগে লগে পানী খোৱাজন চিৰৰোগী হয় ।
যদি আপুনিও gas , acidity , constipation আদিত ভুগি আছে , তেন্তে এই নিয়মকেইটা মানি চাওঁক । দুই-তিনি দিনৰ ভিতৰত result পাব ।
খাদ্য খাই উঠি কমেও এঘণ্টা পিছত পানী খাওঁক । খাদ্য খোৱাৰ এঘণ্টা আগত পানী খাব পাৰে । ভাত খোৱাৰ সময়ত ভালদৰে চোবাই চোবাই খাওঁক । দৰকাৰ হলে ফলৰ চৰবত খাব পাৰে ।
এইখিনি নিয়ম পালন কৰাৰ পাছতো যদি আপোনাৰ পেট ফুলি থকা যেন লাগে , অলপ খালেই পেটতো উফন্দি ধৰে , খোৱাৰ লগে লগে পায়খানা লাগে , খাবলৈ মন নাযায় বা ৰুচি নোহোৱা হৈ গৈছে , ৰাতি বুকু-পিঠি জ্বলা-পুৰা কৰে , তেন্তে আপুনি পুৰ্ননভা ৰস ৰাতিপুৱা ৫০ মিলি খাওক ৩ মাহ । এমাহতেই ঠিক হব কিন্তু যদিহে Fatty Liver থাকে , তেন্তে ৩ মাহ খাব লাগিব ।।
তলৰ লিংকটোত গৈ পুৰ্ননভা ৰস অৰ্ডাৰ কৰিব পাৰিব ।।
আমাৰ উৎপাদিত কেইবিধমান সামগ্ৰী
Selling ৰ trend ত থকা আমাৰ কেইবিধমান সামগ্ৰী আৰু এইবোৰৰ গুণাগুণৰ বিষয়ে লিখা হল ।।
All Clear :
1 . অৰ্শ ৰোগ (Piles ,Fissure , Fistula ) , কৌষ্ঠকাঠিন আদিৰ বাবে লাভজনক । তেজ যোৱা , তেজ নোযোৱা , গুহ্যদ্বাৰ বাহিৰলৈ ওলাই অহা , আঙুৰৰ দৰে হোৱা , তেমুনাৰ দৰে হোৱা আদি সকলোৰে বাবে অত্যন্ত গুনকাৰী বস্তু All Clear .
2. Purnanava juice : লিভাৰ আৰু কিডনী ৰোগৰ বাবে মহৌষধ হয় পূণৰ্নভা। Fatty Liver , Kidney stone , Indigestion, খোৱাৰ ৰুচি নোহোৱা আদি সকলো সমস্যাৰ উপৰিও লিভাৰ আৰু কিডনীক নতুন জীবন দিয়ে।
3 . অৰ্জুনৰ ৰস : হাৰ্ট ভালে ৰাখে , হাৰ্টৰ ৰোগৰ কাৰণে লাভজনক অৰ্জুনৰ ৰস । ইয়াৰ উপৰিও Uric Acid , High pressure, Cholesterol levels নিয়ন্ত্ৰণ কৰে । তেজ পৰিষ্কাৰ কৰি ৰাখে । 50 বছৰ বয়সতো 30 বছৰীয়া যেন দেখে অৰ্জুন নিয়মিত খাই থাকিলে ।
4 . All in One আৰু All in One +
এই দুয়োটা তেল আমাৰ সকলো সময়তে trend ত থাকে। All in One তেলটো চুলি সৰা বন্ধ কৰাত ৰাম বান সদৃশ কাম কৰে বুলি ৰাইজে কয় আমাক আৰু All in One + চুলি সৰাৰ উপৰিও উফি , চুলিৰ আগ ফাটি যোৱা , পাতল চুলি , চুলি ৰঙা পৰি যোৱা আদিৰ উপৰিও সকলো সমস্যাৰ বাবে উপকাৰী ।
5. ত্ৰিফলা গুড়ি ####
ত্ৰিফলা বাত ,পিত্ত আৰু কফৰ সমস্ত ৰোগৰ বাবে লাভকাৰী ।নিয়মীত ত্ৰিফলা সেৱনে মানুহক নিৰোগী কৰি ৰখাৰ উপৰিও দীৰ্ঘায়ু প্ৰদান কৰে । অত্যাধিক গেছৰ সমস্যা , ভাত খাবলৈ মন নোযোৱা , মুখৰ দুৰ্গন্ধ , হাত-ভৰি ঘামি থকা , মুখ মণ্ডলত কলা দাগেৰে আৱৰি ধৰা , শৌচ সময়ত নোহোৱা , বাৰে বাৰে শৌচ লাগি থকা , চুলিৰ অকাল-পক্কতা , মূৰ ঘূৰাই থকা বা সঘনাই মূৰৰ বিষ হৈ থকা , গা দুৰ্বল লাগি থকা , হাত ভৰি লৰ-চৰ কৰিব মন নোযোৱা আদি সকলো ৰোগৰ বাবে ত্ৰিফলা উপকাৰী।নিয়মীত ত্ৰিফলা সেৱন কৰক আৰু এটা ৰোগমুক্ত শৰীৰ পাওঁক । ত্ৰিফলা নিয়মীত সেৱন কৰিলে ডায়েবেটিচ , উচ্চ ৰক্তচাপ , পাইলছ আদি ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে ।
6. মেথিগুটি , জনীগুটি আৰু কালজিৰাৰ মিশ্ৰণ ###
এই মিশ্ৰনটোৱে শৰীৰৰ ওজন কম কৰাত সহায় কৰে । শৰীৰৰ মেদ বা চৰ্বি উলিয়াই দি আমাৰ শৰীৰক নতুন শক্তি প্ৰদান কৰে । ইয়াৰ উপৰিও এইবিধ মিশ্ৰণৰ নিয়মীত সেৱন কৰিলে ডায়েবেটিচ , ৰক্তচাপ আদি নিয়ন্ত্ৰণত ৰাখে ।পুৰণি গাঁঠি বিষ , Rheumatic Arthritis , Osteoporosis , Osteoarthritis , Joint Pain আদিৰ বাবে বিশেষভাৱে উপকাৰিব। শৰীৰৰ তেজ পৰিষ্কাৰ কৰে , কৌষ্ঠকাঠিন্য দূৰ কৰে , ক্ষুদ্ৰান্ত্ৰ আৰু বৃহদান্ত্ৰ পৰিষ্কাৰ কৰে , লিভাৰৰ সুৰক্ষা কৰে , মাদক দ্ৰব্য সেৱনৰ ফলত হোৱা শৰীৰৰ লোকচান দূৰ কৰে । ইয়াৰ উপৰিও আন বহুতো ৰোগত ই লাভদায়ক । নিয়মীত 3 মাহ বা তাতোধিক সেৱন কৰিলে লাভান্বিত হব।
7 .###শতমূল চূৰ্ণ ###
শতমূল চূৰ্ণ সেৱন কৰিলে মহিলাৰ প্ৰায়বোৰ মাহেকীয়া সমস্যা দূৰ কৰে ।
অনিয়মিত মাহেকীয়া সমস্যা আজিৰ দিনত এটা ডাঙৰ সমস্যা হৈ পৰিছে । ইয়াৰ ফলত বহুতো মহিলা মাতৃসুখ পোৱাৰ পৰা বঞ্চিত হব লগা ও হৈছে ।
অনিয়মিত মাহেকীয়াৰ ফলত cyst হয় আৰু পিছত ই জটিল ৰূপ লয় । বহু সময়ত গৰ্ভাশয় উঠাই পেলাব লগাওঁ হোৱা দেখা যায় । ইয়াৰ উপৰি মাহেকীয়াৰ সময়ত ৰক্তস্ৰাৱ বেছি হোৱা বা একেবাৰে কম হোৱা , দুদিনতে বন্ধ হোৱা আদিৰ বাবে উপকাৰী । গাভৰু হোৱালৈকে মহিলাৰ বক্ষস্থল বিকাশ নোহোৱা , শৰীৰৰ গঠন ঠিক নোহোৱা আদিৰ বাবেও উপকাৰী I নিয়মীত 3 মাহ বা তাতোধিক সেৱন কৰিলে ভাল ফল পাব ।
8 . ###এৰাতেল ###
এৰা তেলে মানুহৰ শৰীৰৰ বিষ দূৰ কৰে । মাংস পেশীৰ বিষ , গাঁঠিৰ বিষ , আঘাত পোৱা বা থেতেলা খোৱাৰ বিষ , কান্ধৰ বিষ , হাতৰ বিষ , পিঠিৰ বিষ আদিৰ বাবে এই তেল অলপ গৰম কৰি লৈ হাতেৰে মালিচ কৰিলে বিষ নাইকিয়া হয় । এৰা তেলত ভিটামিন E প্ৰচুৰ পৰিমাণে পোৱা যায় বাবে ই ছালৰ বাবেও উপকাৰী ।
9. ###অৰ্জুন গছৰ ছালৰ গুড়ি###
অৰ্জুন গছৰ ছালৰ গুড়িয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে । Uric Acid , Blood Acidity , Gaut আদিৰ বাবে বিশেষভাৱে উপকাৰী । অৰ্জুন গছৰ চালে আমাৰ তেজ পৰিষ্কাৰ কৰি ছালৰ ৰঙ উজ্জল কৰে ।শৰীৰত জমা হোৱা ক্ষতিকাৰক কলেষ্টৰল কমাই দি তেজ পৰিষ্কাৰ কৰি ৰক্ত সঞ্চালনৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে ।
10. ###অশ্বগন্ধা গুড়ি ###
অশ্বগন্ধা গুড়ি নাৰ্ভৰ সমস্যাৰ বাবে অতি উপকাৰী । হাত ভৰি জিনজিনাই থকা , হাত ভৰি কোঁচ খাই অহা , ৰাতি শুই থকাৰ সময়ত হাত ভৰি টানি ধৰা আদিৰ বাবে বিশেষভাৱে উপকাৰী । অশ্বগন্ধা মিৰ্গী ৰোগ ( Epilepsy ) ৰ বাবে অমৃত সদৃশ । নিয়মীত 2 বছৰ বা তাতোধিক খালে মৃগী ৰোগৰ পৰা আৰোগ্য লাভ কৰে । ইয়াৰ উপৰিও অশ্বগন্ধাই পুৰুষৰ যৌন সমস্যাৰ বাবে লাভকাৰী । আজিকালি নিয়মীত দিনপঞ্জীৰ বাবে পুৰুষৰ যিবোৰ সমস্যাৰ উদ্ভৱ হয় , সেইবোৰৰ বাবে অতি উপকাৰী । Premature Ejaculation , Erecticle Disfunction , Low sperm count আদিৰ বাবে উপকাৰী । নিয়মীত 3 মাহ বা তাতোধিক খালে ভাল ফল পাব ।
11. ####Aloevera Juice####
থলুৱা পদ্ধতিৰে অসমৰ মাটিত গজা এলোভেড়াক পৰিষ্কাৰ কৰি ধুই ৰস উলিয়াই বটলত ভৰোৱা হৈছে । ই লিভাৰ , কিডনী , ছাল আৰু চুলিৰ বাবে বিশেষ ভাৱে উপকাৰী । এলোভেড়া আৰু হালধীৰ মিশ্ৰণ কৰি নিয়মীত খালে gastric ulcer , irregular bowl syndrome , Melina আদিত উপকাৰ পোৱা যায় । নিয়মীত এলোভেড়াৰ ৰস খালে মানুহক দীৰ্ঘায়ু প্ৰদান কৰে ।
12 . ##অৰ্শমুক্তি##
অৰ্শ মুক্তি সোণাৰু গছৰ গুটি আৰু ত্ৰিফলাৰ সংমিশ্ৰণেৰে বনোৱা হৈছে ।।অৰ্শ ৰোগৰ বাবে ই অত্যন্ত লাভকাৰী । তেজ যোৱা অৰ্শ বা তেজ নোযোৱা দুয়োটাৰে বাবে ই উপকাৰী । অৰ্শৰোগ , fissure , fistula আদিৰ বাবেও উপকাৰী । মাছ মাংস সেৱন কৰাৰ পৰা বিৰত থাকি 6 মাহ এইবিধ বিধান খালে আৰোগ্য হোৱা দেখা যায় ।
13. ###পূৰ্ণনভা শাকৰ গুড়ি####
পূৰ্ণনভা শাকৰ গুড়ি লিভাৰ আৰু কিডনীৰ বাবে অমৃত সদৃশ । Fatty Liver , Enlarged Liver আদিৰ উপৰিও মাদক দ্ৰব্য সেৱনৰ ফলত হোৱা লিভাৰৰ দোষ দূৰ কৰাত সহায় কৰে । বছৰ-বছৰ মাছ-মাংস আদি খোৱাৰ ফলত লিভাৰ আৰু কিডনী দুৰ্বল হৈ যায় । পূৰ্ণনভা শাকৰ গুড়িয়ে আকৌ পৰিষ্কাৰ কৰি সুস্থ কৰি তোলে ।কিডনী পাঠৰ , কিডনীৰ বিভিন্ন সমস্যা , মূত্ৰ ৰোগ আদিৰ বাবেও উপকাৰী ।
14. ####ALL In One ####
এইবিধ তেল ব্যৱহাৰ কৰিলে চুলিৰ অকাল পক্কতা , চুলি সৰা , উফিৰ সমস্যা আদি দূৰ কৰে আৰু চুলি ঘন, কলা কৰি দিয়ে ।
15. ####খাটি সৰিয়হৰ তেল###
নাকত দিয়া খাটি সৰিয়হৰ তেলে মূৰৰ বিষ , চৰ্দি , চাইনাছ , মাইগ্ৰেন আদি দূৰ কৰে ।।ৰাতি ভাল টোপনি আহিবলৈ ৰাতি শোৱাৰ আগতে দুই টুপালকৈ নাকত দিলে ভাল টোপনি আহে ।
16. ###বেচন আৰু হালধীৰ মিশ্ৰণ ####
অতীতত ঋষি মুনি , ৰজা-প্ৰজা সকলোৱে এইবিধ মিশ্ৰণেৰে গা ধুইছিল ।
এইবিধ মিশ্ৰণেৰে গা ধুলে গাৰ খৰ-খজুৱতি , শালমইনাৰ দাগ , মৰা ছাল আদি চাফা কৰি ছাল উজ্জল কৰি তোলে ।
চাবোনত থকা বিষাক্ত ৰাসায়নীক দ্ৰব্যই আমাৰ ছালত বিভিন্ন ৰোগৰ সৃষ্টি কৰে , খৰ খজুৱতি , চৰাইছিছ , একযিমা আদিৰ সৃষ্টি কৰে ।
17. ###মূলতানি মাটি###
মূলতানি মাটিয়ে মুখৰ দাগ পৰিষ্কাৰ কৰে আৰু উজ্জলতা আনি দিয়ে ।
মূলতানি মাটি চুলিৰ বাবেও উপকাৰী ।
18 ##আদগুড়ি , হালধি গুড়ি , ডালচিনি গুড়ি আৰু পিপলি গুড়িৰ মিশ্ৰণ ###
হাঁপানী , পুৰণি কাহ , ব্ৰংকাইটিছ , ফেৰেঞ্জাইটিছ আদিৰ বাবে উপকাৰী ।
নিয়মীত 3 মাহ বা তাতোধিক খাব ।
ইয়াৰ উপৰিও আমাৰ আছে ৪০ ৰ ওপৰত সামগ্ৰী । এই সকলোবোৰ আমাৰ Sanjeevan Life app ত উপলব্ধ।